X Close
X
9846067672

অমৃতা গগৈক ৰাজ্যিক শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান


amritagogoi

মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত হৈ যায় অসম ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱ।বিভিন্ন গুণী লোকৰ সমাহাৰ থকা এই অনুষ্ঠানটোত প্ৰদান কৰা হয় বিভিন্ন শিতানৰ শ্ৰেষ্ঠ বঁটা।চলচ্চিত্ৰ জগতৰ অন্যতম আকৰ্ষণীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে অমৃতা গগৈয়ে।অধ্যৱসায় আৰু সাধনাৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হোৱা অভিনেত্ৰী গৰাকীয়ে" দূৰ"ছবি খনৰ বাবে এই বঁটা লাভ কৰে।তেখেতক এই বঁটা প্ৰদান কৰে বলিউডৰ পৰিচালক প্ৰকাশ ঝা তথা আমূল পালেকাৰে।এই বঁটা গ্ৰহণ কৰি অমৃতা গগৈয়ে কয় যে তেখেতৰ এই সফলতাৰ আঁৰত পৰিয়ালৰ সমৰ্থন,অসমৰ ৰাইজৰ আশীৰ্বাদ সদায়ে আছে।ভৱিষ্যতে আৰু মনোগ্ৰাহী ছবি অসমৰ ৰাইজক উপহাৰ দিয়াৰ ইচ্ছাৰ কথাও তেওঁ অৱগত কৰে।

(ANN NEWS ASSAMIYA)