X Close
X
9846067672

দুটা দশকৰ পাছত ফ্ৰান্সৰ জয়, ক্ৰৱেছিয়াৰ বিশ্ববাসীৰ মন জয়


france-croatia

এমাহ জোৰা প্ৰতীক্ষাৰ অন্তত যোৱাকালি মস্কোৰ লুঝনিকি ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ চূড়ান্ত পয্যায়ৰ খেল খন অনুষ্ঠিত হৈ যায়।বৃহৎ ৰাষ্ট্ৰ ফ্ৰান্স আৰু বহুত কম জনসংখ্যাৰ ৰাষ্ট্ৰ ক্ৰ'ৱেছিয়াৰ মাজত হোৱা যুজঁ খনে জনসাধাৰণৰ মাজত এক আবেগৰ সূত্ৰপাত কৰিছিল।৪-২ ব্যৱধানৰ দ্বাৰা ফ্ৰান্সে ক্ৰ'ৱেছিয়াক পৰাভূত কৰি বিশ্বকাপ আজুৰি আনিবলৈ সক্ষম হয়।এফালে গ্ৰীজমান,আম্বাপে, জিৰাউদ,পগবা আদিৰ দৰে তাৰকা সমৃদ্ধ ফ্ৰান্স আৰু আনফালে আকৰ্ষণীয় দক্ষতাৰ দ্বাৰা বিশ্ববাসীৰ মন জয় কৰা লুকা মড্ৰিচ,পেৰিছিক,ৰেকিটিছ।শ্বাসৰুদ্ধকাৰী খেল খনত ক্ৰ'ৱেছিয়াৰ অৱদানো অতি প্ৰশংসনীয়।আচম্বিত ধৰণে বিশ্বকাপ ফাইনেলত প্ৰথমবাৰৰ বাবে আত্মঘাটি গল দিয়ে ক্ৰ'ৱেছিয়াৰ মাণ্ডুজুকিছে।পৰ্য্যায় ক্ৰমে ফ্ৰান্সৰ হৈ গল কৰে গ্ৰীজমান,পগবা,আম্বাপে আৰু মাণ্ডুজুকিছে(আত্মঘাটি)। ক্ৰ'ৱেছিয়াৰ হৈ গল কৰে পেৰিছিক,মাণ্ডুজুকিছে।১৯৯১চনত স্বাধীন হোৱা ক্ৰ'ৱেছিয়াৰ ফুটবলৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ যি জোৱাৰ সেয়া সঁচাই আদৰ্শনীয়।অতীজৰে পৰা ফুটবলত এক সুকীয়া স্থান বৰ্তাই ৰখা ফ্ৰান্সৰ একাগ্ৰতাও মানিবলগীয়া।১৯৯৮চনৰ  পৰা 20 বছৰ পাছত বিশ্বকাপ জয় কৰা ফ্ৰান্সৰ প্ৰশিক্ষক আছিল মহান খেলুৱৈ ডিডিয়াৰ ডেচাম্পছ।  ফ্ৰান্সৰ আম্বাপে বিশ্বকাপৰ শ্ৰেষ্ঠ উদিয়মান খেলুৱৈ আৰু ক্ৰ'ৱেছিয়াৰ লুকা মদ্রিছে সোণালী বলৰ সন্মান লাভ কৰে।উন্নত মানদণ্ডৰ খেলেৰে দুইটা দলে বিশ্ববাসীৰ মন জয় কৰিবলৈ সক্ষম হয়।বৰ্তমান বিভিন্ন মহলত পৰৱৰ্তী সময়ত ক্ৰ'ৱেছিয়া আৰু ফ্ৰান্সৰ প্ৰদৰ্শনক লৈ বিভিন্ন চৰ্চা আৰু প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে।

(ANN NEWS)