X Close
X
9846067672

হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে ঘোষণা


himadas

সমগ্ৰ বিশ্বজুৰি বৰ্তমান এক চিনাকি নাম হল হিমা দাস।বিশ্বপর্যায়ত ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰা ২০বছৰ বয়সৰ অনুৰ্ধ অসমৰ দৌৰবিদ হল হিমা দাস।অসমৰ এক ভিতৰুৱা গাঁৱৰ পৰা নিজৰ অধ্যৱসায়ৰ জৰিয়তে প্ৰতিভাক বিশ্ব দৰবাৰত দাঙি ধৰা হিমাক অসম চৰকাৰে ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে ঘোষণা কৰিছে।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে।অসমৰ উঠি অহা নৱ প্ৰজন্মই যাতে খেলৰ ক্ষেত্ৰত আগুৱাই যোৱাত হিমা এক আদৰ্শ হৈ পৰে,তাৰ বাবে এই সিদ্ধান্তই অতি ইতিবাচক ভূমিকা গ্ৰহণ কৰিব।হিমা দাসৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী সোনোৱালে তেওঁলৈ ৫০লাখ টকাৰ বৰঙণি আগবঢ়াব বুলি ঘোষণা কৰে।

(ANN NEWS ASSAMIYA)