X Close
X
9846067672

অৱশেষত সুৰা সম্ৰাট বিজয় মালিয়াক পলাতক আচামী ঘোষণা


435533-vijay-mallya-kingfisher

অৱশেষত পলাতক আচামী ঘোষিত হ'ল বিতৰ্কিত ব্যৱসায়ী বিজয় মালিয়া। বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ আইন (ফেৰা) উলংঘনৰ অভিযোগত কালি বিজয় মালিয়াক দিল্লীৰ মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ দীপক চেহৰাৱটৰ আদালতে পলাতক আচামী ঘোষণা কৰে। বিচাৰপতিয়ে ৰায়টোত কয় - ৩০ দিনৰ ভিতৰত আদালতৰ চমন স্বত্বেও বিজয় মালিয়াই আদালতত হাজিৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক পলাতক আচামী ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ১২ এপ্ৰিলত সুৰা বেৰন বিজয় মালিয়াৰ বিৰুদ্ধে মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। লণ্ডনলৈ পলায়ন কৰা বিজয় মালিয়াই ৯ ছেপ্টেম্বৰত আদালতক তেওঁ হাজিৰ হ'ব নোৱাৰাৰ কাৰণ দৰ্শাইছিল এইবুলি যে ভাৰত চৰকাৰে ইতিমধ্যে তেওঁৰ পাৰপত্ৰ বাতিল কৰিছে আৰু তাৰ বাবে তেওঁক ব্যক্তিগতভাৱে আদালতত উপস্থিত থকাৰ পৰা ৰেহাই দিব লাগিব। 

(ANN NEWS)