বিতৰ্কিত ধৰ্মগুৰু ডাঃ জাকিৰ নাইকক তৎকালে গ্ৰেপ্তাৰৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই মালয়েছিয়াক অনুৰোধ জনাব। স্মৰ্তব্য যে ডাঃ নাইক সম্প্ৰতি মালয়েছিয়াত আছে। নিয়াৰ সূত্ৰই জনোৱা মতে নাইকৰ বিৰুদ্ধে ৰে'ডকৰ্ণাৰ ন'টিচ জাৰি কৰাৰ বাবেও সংস্থাটোৱে ইণ্টাৰপোলক অনুৰোধ জনাব। মালায়েছিয়াৰ সৈতে ভাৰতৰ প্ৰত্যাৰ্পণ চুক্তি থকা বাবে ভাৰতৰ অনুৰোধ লাভ কৰাৰ পাছতে নীতি অনুসৰি মালয়েছিয়া প্ৰশাসনে ডাঃ নাইক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ব।