X Close
X
9846067672

ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে অখিল গগৈক


Hojai:

কৃষক নেতা অখিল গগৈক দুদিনৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে । পণ্ডিত দিনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নামফলক লণ্ডভণ্ড কৰা গোচৰত অভিযুক্ত কৰি কৃষক নেতা গগৈক যোৱানিশা গোৱালপাৰা থানা লৈ অনাৰ পিছত কঠোৰ  নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি পুৱা তেওঁক গোৱালপাৰাৰ চি জে এম আদালতত হাজিৰ কৰোৱায় গোৱালপাৰাৰ আৰক্ষীয়ে । কৃষক নেতাগৰাকীক আদালতত হাজিৰ কৰাৰ পূৰ্বে সমগ্ৰ আদালত চৌহদত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী ।