X Close
X
9846067672

লোকসভাত অনুপ্ৰিয়া পেটেল: অসমত বছৰি কৰ্কট ৰোগত আক্ৰান্ত হয় ৩০ হেজাৰ লোক


petrol-story

লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে লোকসভাত অসম সম্পৰ্কে ভয়াৱহ তথ্য প্ৰকাশ কৰিছে। দুৰাৰোগ্য ৰোগত অসমত প্ৰতি বছৰে আক্ৰান্ত হয় প্ৰায় ৩০ হেজাৰ লোক। ইয়াৰ ভিতৰত আক্ৰান্ত প্ৰতি দুজন ব্যক্তিৰ ভিতৰৰে এজনে প্ৰাণ হেৰুৱাব লগা হয়। আজি লোকসভাত এক প্ৰশ্নৰ উত্তৰত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। মন্ত্ৰী অনুপ্ৰিয়া পেটেলে আগবঢ়োৱা তথ্য অনুসৰি বিগত তিনিটা বর্ষত অসমত কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ'ল ৯৩,৬৯০। আনহাতে সেই সময়ছোৱাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যা হ'ল ৪৮,০০৮। মন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা তথ্য অনুসৰি ২০১৪ চনত অসমত নতুনকৈ কৰ্কট ৰোগত আক্রান্ত হোৱা ৰোগীৰ সংখ্যা আছিল ৩১,১২৪ আৰু সেই বছৰটোত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ'ল ১৫,৮৫৩। একেদৰে ২০১৫ আৰু ২০১৬ বর্ষৰ বাবে এই সংখ্যা হ'ল ক্ৰমে ৩১,৪৭৪ আৰু ১৬,০২৯ তথা ৩১,৮২৫  আৰু ১৬,২০৬। ইফালে কৰ্কট ৰোগৰ লগতে অসমৰ বাবে আতংকৰ বতৰা কঢ়িয়াই আনিছে জাপানী এনকেফেলাইটিছ ৰোগে। লোকসভাত আন এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ফগন সিং কুলস্তই আগবঢ়োৱা তথ্যত উল্লেখ পোৱা অনুসৰি দেশৰ ভিতৰত অসমতে সৰ্বাধিক ৰোগী এই ৰোগত আক্রান্ত হৈছে। বিগত তিনিটা বর্ষত দেশত এই ৰোগত আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা ৫,০৬৭ হোৱাৰ বিপৰীতে ইয়াৰ ভিতৰত ১,৮০২ গৰাকী ৰোগী হৈছে অসমৰ।  

(ANN NEWS)