আকণ্ঠ দুৰ্নীতিত নিমজ্জিত হৈ পৰিছে ৰাজ্যৰ বন বিভাগে । বিশেষকৈ উজনি অসমত বন বিষয়াসকলেই এটাৰ পাছত আন এটা অনিয়ম কেলেংকাৰিৰ নেতৃত্ব দিছে । খোদ উচ্চ পদস্থ বন বিষয়াৰ পৃষ্ঠপোষকতাৰ কেৱল শিৱসাগৰ জিলাৰ ভিতৰত ৫০তাতকৈও অধিক কাঠমিল গঢ়ি উঠিছে । স্বাভাৱিক ভাৱে জিলাখনৰ বিভিন্ন বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে কাটি অনা কাঠেৰেই চলি আছে এই অবৈধ কাঠমিলসমূহ ।